Printer-friendly version

স্বাস্থ্য প্ৰতিবেদনঃ কৰোনা মহামাৰীৰ সময়ত শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়াবলৈ বহু স্বাস্থ্য বিশেষজ্ঞই খাদ্যত ডালচেনিৰ ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়াইছে। বিভিন্ন গৱেষণাত এয়া প্ৰমাণিত হৈছে যে কৰ’না ভাইৰাছৰ ঘৰুৱা প্ৰতিষেধক হিচাপে ডালচেনি ব্যৱহাৰ কৰিব পৰা যায়৷ কিন্তু কোন সময়ত আৰু কেনেকৈ এই ডালচেনি ব্যৱহাৰ কৰিলে আমাৰ শৰীৰৰ ৰোগ প্ৰতিষেধক ক্ষমতা বৃদ্ধি হ’ব সেয়া জানি লোৱা দৰকাৰ।

ভাৰতীয়সকলে বিভিন্ন ধৰণৰ ৰন্ধা-বঢ়াত অতি প্ৰাচীন কালৰে পৰা ডালচেনিৰ ব্যৱহাৰ কৰি আহিছে। ভাৰতীয় গৃহিনীসকলে ব্যৱহাৰ কৰা ‘গৰম মছলা’ৰ এক অপৰিহাৰ্য্য উপাদান হৈছে এই ডালচেনি৷ গৰম মছলাত ব্যৱহাৰ কৰা এই ডালচেনিয়ে যে আমাৰ শৰীৰৰ ভিতৰত থকা অপকাৰী ভাইৰাছবোৰক ধুই-পখালি শৰীৰৰ পৰা বাহিৰ কৰি দিব পাৰে সেয়া শেহতীয়া গৱেষণাত দেখা গৈছে।

প্ৰাচীন কালৰে পৰা ডালচেনিক ভাইৰাছনাশক হিচাপে ব্যৱহাৰ কৰাৰ উদাহৰণ আছে৷ সেয়ে কেৱল খাদ্যত সুগন্ধি হিচাৱে ব্যৱহাৰ নকৰি এই ডালচেনিক বৰ্তমানৰ কৰ’না কালত প্ৰতিষেধক হিচাপেও ব্যৱহাৰ কৰিব পৰা যায় বুলি গৱেষকসকলে মন্তব্য আগবঢ়াইছে। অৱশ্যে কোন সময়ত কিমান পৰিমাণে এই ডালচেনি ব্যৱহাৰ কৰিব লাগে সেয়া নাজানিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা আছে বুলিও বিশেষজ্ঞসকলে সকীয়াই দিছে।

‘স্পেনিছ ফ্লু’ৰ বিৰুদ্ধে ডালচেনিৰ যুঁজ

গৱেষকসকলে মন কৰিছিল যে ১৯১৮ চনত সমগ্ৰ বিশ্বজুৰি তাণ্ডৱৰ সৃষ্টি কৰা 'স্পেনিছ ফ্লু’ মহামাৰীৰ সময়ত ডালচেনিৰ কাৰখানাত কাম কৰা বেছিভাগ লোক এই ৰোগত আক্ৰান্ত হোৱা নাছিল৷ খোৱাৰ পৰিৱৰ্তে ডালচেনিৰ সংস্পৰ্শত থকা এই লোকসকল মহামাৰীবিধৰ পৰা হাত সাৰি থকা বিষয়টোৱে গৱেষকসকলক নতুন কথাৰ সম্ভেদ দিয়ে। এনে দিশসমূহলৈ চাই ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে সেই সময়ত স্পেনিছ ফ্লু নিয়ন্ত্ৰণ কৰাত ক্ষেত্ৰত ডালচেনিৰ ভূমিকা অন্যতম আছিল৷ 

সেই মহামাৰীৰ সময়ত বহু লোকে গাখীৰৰ সৈতে সামান্য পৰিমাণৰ ডালচেনিৰ তেল ব্যৱহাৰ কৰিয়েই সুস্থ হৈ পৰিছিল৷ কেৱল সেয়াই নহয় ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ উক্ত প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি এইচ আই ভি, এডিন’ ভাইৰাছ, হাৰ্পিছ আদি বিভিন্ন ধৰণৰ ভাইৰাছৰ বিৰুদ্ধেও এই ডালচেনিয়ে মানৱ শৰীৰত ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়াই তুলিব পাৰে।

​কৰ’না নিয়ন্ত্ৰণত সহায়ক হ’ব পাৰে ডালচেনি!

বৰ্তমান সময়ত কোভিড (COVID-19) মহামাৰীৰ দৰে ভয়াৱহ পৰিস্থিতিত বিশ্বৰ বহু দেশত এই ডালচেনিকেই প্ৰতিষেধক হিচাপে ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছে৷ চিকিৎসকৰ পৰা আৰম্ভ কৰি গৱেষকসকলেও মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ ডালচেনি খাবলৈ মানুহক উৎসাহিত কৰিছে৷ ডালচেনিয়ে ‘কৰ’না ভাইৰাছ’ (Coronavirus)ক ধংস কৰিব পাৰে নে নোৱাৰে সেই বিষয়ে কোনো প্ৰমাণ নাথাকিলেও বিশ্বৰ বহু বিশেষজ্ঞ চিকিৎসকৰ মতে ডালচেনি ব্যৱহাৰ কৰি কৰ’না সংক্ৰমণৰ পৰা ৰক্ষা এটা পৰ্যায়লৈ ৰক্ষা পৰি থাকিব পাৰি। কিন্তু এই ডালচেনি খাওঁতে আমি কেনেকৈ কিমান পৰিমানে খাব লাগিব জাতীয় কিছুমান নিয়ম-নীতি মানিহে খাবলৈ পৰামৰ্শ আগবঢ়াইছে৷ জধে-মধে ডালচেনি খাদ্যত ব্যৱহাৰ কৰিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা আছে বুলিও চিকিৎসকসকলে সকীয়াই দি আহিছে।

শৰীৰ ভালে ৰখাত সহায় কৰে ডালচেনিয়ে

ডালচেনিয়ে আমাৰ শৰীৰৰ প্ৰদাহ কমোৱাত সহায় কৰে৷ আমাৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতাৰ বাবে প্ৰদাহ গুৰুত্বপূৰ্ণ যদিও অতিমাত্ৰা প্ৰদাহে আমাৰ শৰীৰত মাৰাত্মক ক্ষতি কৰিব পাৰে আৰু সেই প্ৰদাহ কেৱল ডালচেনিয়েহে কম কৰিব পাৰে৷ শ্বাসতন্ত্ৰ আৰু হাৰ্টৰ ৰোগো এই ডালচেনিয়ে ভাল কৰিব পাৰে৷ ডালচেনিত পৰ্যাপ্ত পৰিমাণে Antioxidant, Polyphenols আৰু Proanthocyanidineনামৰ উপাদানসমূহ থাকে যিবোৰে কোনো ব্যক্তিৰ শৰীৰত ৰোগ প্ৰতিৰোধক হিচাপে কাম কৰে৷ ডালচেনিয়ে মানুহৰ শৰীৰৰ মেদ কমোৱাটো সহায় কৰে৷ শ্বাসতন্ত্ৰ ৰোগ আৰু হাৰ্টৰ ৰোগতো ডালচেনি অতি উপকাৰী৷ ডালচেনিৰ এন্টিভাইৰেল, এন্টিবেক্টেৰিয়েল আৰু এন্টিফাংগেল গুণে বিভিন্ন বেমাৰৰ তীব্ৰতা কম কৰিব পাৰে৷ 

কোনবোৰ ভাইৰাছৰ বিৰুদ্ধে ডালচেনি উপযুক্ত প্ৰতিৰোধক?

ভাৰতত কৰা হোৱা এক গৱেষণাত পোৱা গৈছে যে ডালচেনিয়ে প্ৰছায়ানাইডিন পলিমাৰ এইচআইভি Procyanidine polymer(HIV) সংক্ৰমিত ৰোগীৰ শৰীৰত এইচআইভি নিয়ন্ত্ৰক(HIV Controllers)ত হিচাপে কাম কৰে৷ গৱেষকসকলে ডালচেনিত এনে কিছুমান পদাৰ্থৰ সন্ধান পাইছে যিবোৰ পদাৰ্থই এইচআইভি ভাইৰাছক দমাই ৰাখিব পৰা ডিফেন্স প্ৰ’টিনক সুৰক্ষা প্ৰদান কৰে৷ ইয়াৰ উপৰিও গৱেষণাত এইটোও প্ৰমাণিত হৈছে যে ডালচেনিত থকা চিন্নামালডিহাইড (cinnamaldehyde) শ্বাসতন্ত্ৰৰ ৰোগ সৃষ্টিকাৰী এডিন’ভাইৰাছ (Adenoviruses)ৰ বিৰুদ্ধে অতি কাৰ্য্যকৰী অস্ত্ৰ৷

ডালচেনিৰ আৰু অন্য গুণ

জাপানৰ এক গৱেষণাত দেখা গৈছে যে ছিলন ডালচেনি (ceylon cinnamon)ত থকা এক উপাদান চিনাজিলানিনে বাকুলোভাইৰাছৰ (Baculoviruses) সংখ্যা বৃদ্ধিত বাধা দিয়ে৷ ডালচেনীত থকা এইটো উপাদান হার্পিচ চিমপ্লেক্স ভাইৰাছ-১ আৰু হার্পিচ চিমপ্লেক্স ভাইৰাছ-২ৰ বৰুদ্ধে অতি কাৰ্যকৰী হিচাপে প্ৰমাণিত হৈছে৷ ইয়াৰ উপৰিও সমগ্ৰ এছিয়াতেই হাৰ্বেল ঔষধৰ অন্যতম উপাদান হৈছে এই ডালচেনি৷ বিশেষকৈ নিউমোনিয়া, শ্বাসনলী ফুলি উঠা, কাহ, শ্বাসতন্ত্ৰৰ অসুবিধাকে ধৰি বুকুৰ বিভিন্ন বেমাৰৰ চিকিৎসাত ডালচেনি উপকাৰী ঔষধ হিচাপে বিবেচিত হৈ আহিছে।

ডালচেনি কেনেকৈ খাব লাগে?

ডালচেনি পানীত সিদ্ধ কৰি অথবা গৰম পানীত ডালচেনিৰ গুৰি মিহলাই পান কৰিলে ইয়াৰ উপকাৰিতা অতি সহজে পোৱা যায়৷ কিন্তু চিকিৎসকৰ পৰামৰ্শ অবিহনে ডালচেনিৰ তেল (Cinnamon leaf oil) ব্যৱহাৰ কৰা অনুচিত৷ ডালচেনিৰ তেল ইমান বেছি শক্তিশালী যে দুই-এক টোপতকৈ বেছিকৈ খালে শৰীৰৰ ভিতৰভাগ জ্বলা-পোৰা কৰিব পাৰে৷ গতিকে কেতিয়া কিমান পৰিমাণে ডালচেনিৰ তেল পানীত মিহলাই খালে আমাৰ অপকাৰ নহৈ বেমাৰ ভাল হ’ব সেই বিষয়ে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷