Printer-friendly version

চাবুৱাঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি ধপাত বিৰোধী অভিযান চলাই দুলীয়াজানত৷

সংগঠনটোৰ দুলীয়াজান আঞ্চলিক সমিতিৰ প্ৰায় ৪০ জনীয়া এটা দলে বিয়লি ভাগত চহৰখনৰ কেইবাখনো ব্যৱসায় প্ৰতিষ্ঠানত অভিযান চলাই বৃহৎ পৰিমাণৰ ধঁপাত আৰু গুটখা জাতীয় সামগ্ৰী জব্দ কৰে।

চহৰখনৰ অইল মাৰ্কেট, ভবানী মাৰ্কেট আৰু ডেইলীবজাৰৰ কেইবাখনো দোকানৰ পৰা জব্দ কৰে প্ৰায় লক্ষাধিক মূল্যৰ ধঁপাত জাতীয় সামগ্ৰী। জব্দ কৰা গুটখাজাতীয় পেকেট সমূহ ব্যৱসায় প্ৰতিষ্ঠানৰ ওচৰতো জ্বলাই দিয়ে সংগঠনটোৱে।